ধনশিৰী ইকʼ কেম্পত এনিশা

যান্ত্ৰিক জীৱনৰ গদ্দলিকা প্ৰবাহত উটি ফুৰা আমাৰ নিচিনা মধ্যবিত্ত চাকৰিজীৱি মানুহবোৰৰ কেতিয়াবা কেতিয়াবা প্ৰকৃতিৰ কোলাত হেচুকি সোমাই যোৱাৰ ইচ্ছা হয়। সেই ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই যোৱা বছৰৰ অৰ্থাৎ ২০১৭ চনৰ ডিচেম্বৰ মাহত গৈছিলো বোকাখাটৰ সমীপৱৰ্ত্তী ধনশিৰী ইকʼ কেম্পলৈ। যান্ত্ৰিকতাৰ পৰা দূৰত ইন্টাৰনেট আৰু মোবাইল নেটৱৰ্ক নোপোৱা ধনশিৰী নদীৰ বালিচৰত এটি নিশা পাৰ কৰাৰ আমেজেই বেলেগ।Read more